পুুনৰ ফুটিল পানীৰ পাইপ। জাইকাৰ পাইপ ফুটি গুৱাহাটী মহানগৰীৰ খাৰঘূলি অঞ্চলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। মহানগৰীত পুনৰ অঘটন। পুনৰ এবাৰ খাৰঘূলিত ফুটিল পানীৰ পাইপ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। পানীৰ সোঁতে সৰু-বৰ গছ ভাঙি নিয়াৰ লগতে কেইবাখন দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন কৰিছে।এই ঘটনাৰ ফলত এটা ঘৰৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এটি’ কনমানি কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ভয়ংকৰ এই ঘটনাৰ পাছতেই স্থানীয়লোকৰ মাজত হাহকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয়লোকে জনোৱা মতে, জাইকাৰ পাইপ ফুটাৰ প্ৰায় ১ ঘন্টা পাছতহে জাইকাই পানী বন্ধ কৰে। ইতিমধ্যে তেতিয়ালৈকে বহু পানীৰ অপব্যয় হোৱাৰ লগতে বহু ক্ষতিসাধনো হয়। ঘটনাৰ লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।ইয়াৰ পূৰ্বেও খাৰঘূলিত জাইকাৰ পাইপ ফুটি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। য’ত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত আৰু বহু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছিল।