পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

102

পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিগত বৰ্ষত পৰ্যটকৰ আগমনে অভিলেখ গঢ়াৰ দৰে এইবাৰ কাজিৰঙা পৰ্যটন বৰ্ষ আৰম্ভ কৰিবলৈ যো- জা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কাইলৈ পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ লগে লগে আৰম্ভ হ’ব ২০২৪-২৫ পৰ্যটন বৰ্ষ।ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাট- পছ মেৰামতি কৰাৰ লগতে উদ্যানত পৰ্যটকক ফুৰাবলগীয়া জীপ চালকসকলৰো প্ৰশিক্ষণ প্ৰায় সম্পূৰ্ণ হৈছে। ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়া পাহাৰ বনাঞ্চলৰ কেইটামান অংশহে মুকলি কৰি দিয়া হ’ব।প্ৰথম অৱস্থাত জীপ ছাফাৰী আৰম্ভ হ’ব যদিও ১ নৱেম্বৰৰ পৰা হাতী ছাফাৰীও আৰম্ভ হ’ব।