পুনৰ নগাঁৱৰ ধিংত চোৰৰ তাণ্ডৱ

108

স্প্ৰে চোৰৰ বিৰুদ্ধে নগাঁৱৰ ধিং আৰক্ষীৰ সফল অভিযান । সন্ত্ৰাস সৃষ্টিকাৰী তিনি স্প্ৰে’ চোৰক গ্ৰেপ্তাৰ ধিং ধাৰাবাহিক ভাবে নগাঁৱৰ ধিঙৰ বিভিন্ন অঞ্চলত একপ্ৰকাৰে সন্ত্ৰাস সৃষ্টি আহিছিল স্প্ৰে’ চোৰে । দীৰ্ঘদিনে সন্ত্ৰাশ সৃষ্টি কৰি অহাৰ পাছত মঙ্গলবাৰে ধিং আৰক্ষীয়ে অভিযান চলাই তিনিটা স্প্ৰে’ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ গৰৈমাৰীৰ চাহিল আহমেদ , ভকত গাঁৱৰ ছাহাৰ জালাল আৰু ৰূপহী কাৱৈমাৰীৰ ইমামুল হক নামৰ তিনি কুখ্যাত স্প্ৰে’ চোৰক গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে । চোৰ কেইটাৰ পৰা ৪০ ( চল্লিশ হাজাৰ ) নগদ ধনৰ লগতে দুযোৰ সোনৰ খাৰু আৰু স্প্ৰে’ বটলো জব্দ কৰে আৰক্ষীয়ে । ইতিমধ্যে ধিং আৰক্ষীয়ে তিনি কুখ্যাত স্প্ৰে’ চোৰক নগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰিছে । এই ঘটনা ৰ লগত জড়িত আৰু বহুকেইটা চোৰক ধৰিবলৈ ধিং আৰক্ষীয়ে ইতিমধ্যে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ।