পুনৰ ত্ৰিপুৰাত অসমৰ চি আৰ পি এফ জোৱানৰ ৰহস্য জনক মৃত্যু

318

পুনৰ ত্ৰিপুৰাত অসমৰ চি আৰ পি এফ জোৱানৰ ৰহস্য জনক মৃত্যু

জোৱান গৰাকী বাক্সাৰ থমনা উলুবাৰীৰ গাওৰ লক্ষেশ্বৰ দাস আৰু মাতৃ মুখ্যদা দাসৰ কনিষ্ঠ পুত্ৰ কমল দাস(27)।

ত্ৰিপুৰাৰ ঢালাই জিলাৰ আম্বাচাস্থিত চিআৰপিএফৰ 140 নং বেটেলিয়েনৰ শিবিৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় জোৱান গৰাকীৰ মৃতদেহ।

2017 চনৰ জুন মাহত দেশ মাতৃৰ বাবে ওলাই গৈ চিআৰপিএফত যোগদান কৰিছিল কমল দাসে।

জোৱান গৰাকীৰ চিপলোৱা অৱস্থাত থকা ফটো পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে।

দৰিদ্ৰ পৰিয়ালৰ সন্তান কমল দাসে নৱনিৰ্মিত পকী ঘৰটো সম্পূৰ্ণ হলে আঘোন মাহত বিয়া পতাৰ কথা আছিল।

শেষবাৰৰ বাবে ডেৰমাহ পূৰ্বে ঘৰলৈ চুটিত আহি পুনৰ কৰ্মস্থলীত যোগদান কৰে কমলে।

ৰাতিপুৱা ত্ৰিপুৰাৰ চিআপিএফৰ শিবিৰৰ পৰা বাক্সাৰ ঘৰখনলৈ খৱৰটো অহাত হিয়া ঢাকুৰি কান্দোনত ভাঙি পৰে পিতৃ-মাতৃৰ লগতে আত্মীয়ই।

আজি সন্ধিয়াৰ ভাগত কমল দাসৰ নশ্বৰদেহ আহি পাবহি বাক্সাৰ নিজৰ ঘৰখনত।

কমল দাসৰ মৃত্যুত বাক্সাৰ উলুবাৰী গাওঁখনত গভীৰ শোকৰ ছাঁ পৰিছে।