লংকাৰ চৰকাৰী হাস্পতালত গণ আক্ৰমণৰ বলি হোৱা চিকিৎসক ডা০ সেউজ কুমাৰ সেনাপতি বৰ্তমান সুস্থ হৈ পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিছে। সোমবাৰে ডা০ সেনাপতিয়ে নগাঁও জিলাৰ বেবেজীয়াৰ পূব হাতীচোৗ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা বিষয়াৰূপে দায়িত্ব গ্ৰহণ কৰে।
উল্লেখ্য যে, প্ৰায় এমাহ পূৰ্বে লংকাৰ এখন স্বাস্থ্য কেন্দ্ৰত এজন ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ ৰোগীৰ আত্মীয়ই। স্বাস্থ্য কেন্দ্ৰটোত কৰ্তব্যৰত চিকিৎসক ডা০ সেউজ কুমাৰ সেনাপতিৰ ওপৰতো আক্ৰমণ চলাই গুৰুতৰভাৱে আহত কৰিছিল। ঘটনাৰে জড়িত ২৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।