পুনৰ কোৰোনাৰ আতংক! মহাৰাষ্ট্ৰত সান্ধ্য আইন ঘোষণা…

85

মহাৰাষ্ট্ৰত পুনৰ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ । কোৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে সকলো সম্ভৱ পদক্ষেপ গ্ৰহণ কৰিছে। অমৰাবতীত এসপ্তাহৰ লকডাউনৰ ঘোষণা কৰা হৈছে । ইফালে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ সীমান্তৱৰ্তী বালাঘাট জিলাত নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে। নিশা ১০ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ ঘোষনা কৰা হৈছে নৈশ সান্ধ্য আইন । ইফালে জিলাখনত ১৪৪ ধাৰা ঘোষণা কৰা হৈছে।

বালাঘাট জিলা দণ্ডাধীশ দীপক আৰ্যই মঙলবাৰে এই নিৰ্দেশনা জাৰি কৰে ।নিৰ্দেশনাত মহাৰাষ্ট্ৰত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱা বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰিছে । ইফালে জনসাধৰনক সকলো কোভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনোৱা হৈছে লগতে ৰাজহুৱা কাৰ্যসূচী প্ৰশাসনৰ পৰা অনুমতি ল’ব লাগিব জনসাধৰণে ।