গুৱাহাটীঃ পুনৰ কোৰোনাত আক্ৰান্ত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডা০ অভিজিত শৰ্মা।
জিএমচিএইছত চিকিৎসাধীন হৈ থকা এগৰাকী কোভিড পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পিছতে মঙলবাৰে কোভিড পজিটিভ ধৰা পৰে ডা০ শৰ্মাৰো।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুবাৰকৈ কোভিডত আক্ৰান্ত হৈছিল জিএমচিএইছৰ অধীক্ষকগৰাকী।
বৰ্তমান তেওঁ হোম আইশ্যলেছনত থকা বুলি জানিব পৰা গৈছে।
ইফালে দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ এবাৰ অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
মঙলবাৰৰ দিনটোতে ৰাজ্যত পুনৰ ২১০ জন লোক কোৰোনাত আক্ৰান্ত হৈছে।