পুনৰ কোভিডৰ আতংক! অসমৰ এইখন জিলাত বাধ্যতামূলক কৰা হ’ল মাস্ক

171

সমগ্ৰ দেশৰ লগতে অসমতো পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে কোভিড মহামাৰীয়ে। বানৰ সংহাৰৰ পিছত কোৰোনাৰ প্ৰকোপে আতংকিত কৰিছে সাধাৰণ জনতাক। আনহাতে ক্ৰমাগত সংক্ৰমণ বৃদ্ধিয়ে চিন্তিত কৰিছে চৰকাৰ প্ৰশাসনকো।

কোভিডৰ দ্ৰুত সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত পুনৰ মাস্ক বাধ্যতামূলক কৰা হৈছে কাছাৰ জিলাত। জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি, কাছাৰৰ সকলো কাৰ্যালয়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

আনহাতে ৰাজহুৱা স্থান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানতো মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে কাছাৰ জিলা প্ৰশাসনে। তদুপৰি মাস্ক পৰিধান নকৰিলে ডিপ’ত গ্ৰাহকক পেট্ৰ’ল-ডিজেল নিদিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে।

প্ৰণিধানযোগ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৫৯০ জন লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ মৃত্যু ঘটিছে এই সময়ছোৱাত। বিগত ২৪ ঘণ্টাত ৫,৪৮৯ জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ১০.৭৫ শতাংশ। ৰাজ্যখনত সম্প্ৰতি সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ২,৫৮৪ জন।