পুনৰ এবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰূপে নিৰ্বাচিত কমলাকান্ত গগৈ

84

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সৰোগত কৰি গঠন হোৱা উত্তৰ-পূব ভাৰতৰ বৃহত্তৰ সামাজিক-সাংস্কৃতিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য পদাধিকাৰৰূপে পুনৰ এবাৰ নিৰ্বাচিত হৈছে কমলাকান্ত গগৈ। বৰ্তমানেও শংকৰ দেৱ সংঘৰ পদাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গগৈয়ে সোমবাৰে নগাঁওস্থিত সংঘৰ মুখ্য কাৰ্যালয়ত হোৱা ভোট গণনাত ১ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰি পুনৰ এবাৰ পদাধিকাৰৰূপে নিৰ্বাচিত হয়।

প্ৰণিধানযোগ্য যে, এইবাৰ পদাধিকাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত গোলাঘাট জিলা শাখাৰ পবিত্ৰ প্ৰাণ বৰা আৰু মৰিগাঁও জিলা শাখাৰ ডা০ পুনিৰাম পাটৰো অৱতীৰ্ণ হৈছিল। কিন্তু ভোট গণনাত এই দুই প্ৰতিদ্বন্দ্বিক পিছ পেলাই সংগঠনটোৰ অধিকাংশ সদস্যই পুনৰ এবাৰ ডিব্ৰুগড় জিলা শাখাৰ কমলাকান্ত গগৈকে সভাপতি হিচাপে নিৰ্বাচন কৰে।

নিৰ্বাচনত জয়লাভৰ পিছতে নগাঁও চহৰত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত কমলাকান্ত গগৈক নতুন পদাধিকাৰ হিচাপে ঘোষণা কৰে সংগঠনটোৰ প্ৰধান সম্পাদক বাবুল বৰাই। উল্লেখ্য যে, শংকৰী কলা-সংস্কৃতিৰ সাধক কমলাকান্ত গগৈয়ে বিগত বহুবছৰ ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে একনিষ্ঠভাৱে সেৱা আগবঢ়াই আহিছে।