পুনৰবাৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। বাংলাদেশত অভ্যুত্থানৰ পিছত ক্ষমতালৈ অহা মহম্মদ ইউনুছৰ শাসনত প্ৰতিবাদকাৰীসকলে সৃষ্টি কৰিছে এটাৰ পিছত অন্য এটা বিশৃংখলতা পৰিৱেশ।খবৰ পোৱা মতে কিছু প্ৰতিবাদকাৰীয়ে বাসগৃহ আৰু এটা সংগ্ৰহালয়তো প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁলোকে বেলকনীত উঠি ধ্বংসকাৰ্য আৰম্ভ কৰে ।জানিব পৰা মতে শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহত আক্ৰমণ কৰি বাসগৃহত অগ্নিসংযোগ কৰে ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে। ইয়াৰ কেইবাটাও ভিডিঅ’ আৰু ফটো ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে বুধবাৰে বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ধনমণ্ডি-৩২ বাসগৃহত প্ৰৱেশ কৰি তাণ্ডৱ আৰম্ভ কৰে।জানিব পৰা মতে ছ’চিয়েল মিডিয়াত ‘বুলডোজাৰ শোভাযাত্ৰা’ ঘোষণা কৰাৰ পিছত এই ঘটনা সংঘটিত হয়।
