পুনৰ উত্তপ্ত মণিপুৰ! আৰক্ষী থানাত আক্ৰমণ কৰি লুটি নিলে অস্ত্ৰ-শস্ত্ৰ, এজন আৰক্ষীৰ মৃত্যু

2611

পুনৰ জ্বলিছে মণিপুৰ। বৃহস্পতিবাৰে পুনৰ এবাৰ মণিপুৰৰ কেইবাটাও অঞ্চলত সংঘৰ্ষৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে ৰাজধানী ইম্ফলত উত্তেজিত ৰাইজৰ প্ৰতিবাদৰ সন্মুখত এজন আৰক্ষীৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় আন দুজন আৰক্ষী জোৱান। জানিব পৰা মতে, আন্দোলনকাৰী দলটোৱে কেইৰেনফাবি আৰু থাংগালভাইৰ থানাত আক্ৰমণ চলাই সকলো অস্ত্ৰ-শস্ত্ৰ লুটপাত কৰে। হাইংগাং আৰু সিঞ্জামেই অঞ্চলতো অস্ত্ৰ লুট কৰাৰ চেষ্টা কৰা হৈছিল যদিও শেষত ভিৰটোৱে অস্ত্ৰ লুট কৰাত বিফল হয়।

জানিব পৰা মতে, বৃহস্পতিবাৰে বিষ্ণুপুৰ জিলাৰ এটা আৰক্ষী চকীত উত্তেজিত ৰাইজে আক্ৰমণ চলায়। চেকপইণ্টৰ সমীপত পুৰুষ-মহিলাকে ধৰি পাঁচশৰো অধিক লোক সমবেত হয়। এ এফ ৰাইফল, আই এন এছ এছ ৰাইফলৰ লগতে লঘু মেচিনগান আৰু পিষ্টলকে ধৰি বহু অস্ত্ৰ লৈ পলায়ন কৰে। প্ৰায় ৩৫০ ৰাউণ্ড গুলীচালনা কৰিও আৰক্ষীয়ে উন্মাদ জনসমাগমক ৰোধ কৰিব নোৱাৰিলে।

আনহাতে, পশ্চিম ইম্ফলৰ চেনজাম চিৰাং অঞ্চলত মূৰত আঘাত পোৱাৰ ফলত মৃত্যু হয় এজন আৰক্ষীৰ। জানিব পৰা মতে আৰক্ষী বাহিনীক লক্ষ্য কৰি গুলীচালনা আৰম্ভ হয়। আৰক্ষীয়ে সন্দেহ কৰিছে যে লুকাই থকা উগ্ৰপন্থীয়ে গুলীচালনা কৰিছিল। সেই সময়ত পুলিচজনৰ মূৰত গুলী লাগি মৃত্যু হয়। স্থানীয় গাঁৱৰ এজন লোকো আহত হয়। লগতে মণিপুৰৰ কেইবাটাও অঞ্চলত সংঘৰ্ষত আহত হয় দুজন আৰক্ষী। কমেও ২৫ জন সাধাৰণ নাগৰিক আহত হোৱাৰ খবৰ পোৱা গৈছে।

বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছতে মণিপুৰ আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰে। তেওঁলোকৰ হৈ কোৱা হৈছে, “যোৱা ২৪ ঘন্টাত ৰাজ্যৰ পৰিস্থিতি অতি স্পৰ্শকাতৰ।” কেইবাটাও স্থানত আন্দোলনশীল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাটাও স্থানত গুলীচালনাৰ ঘটনাও সংঘটিত হয়। ইতিমধ্যে ১০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।”