পুনৰ উচ্ছেদ অভিযান

71

পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিল চাপৰত। চাপৰৰ শান্তিপুৰ-ঘুনিমাৰিত হিন্দু-মুছলমান পৱিত্ৰ মিলন ভূমিত তাহানিৰ ৰজাদীনিয়া শ্ৰী শ্ৰী মা বাগৰাণী মন্দিৰৰ ভুমি ওচৰৰে এটা পৰিয়ালে অৱৈধ ভাৱে বেদখল কৰি ৰাখিছিল। ১০০ শতাংশই মুছলমান অঞ্চলত অৱস্থিত এই বাগৰাণী মন্দিৰটো অঞ্চলটোৰ সকলো শ্ৰেনীৰ ৰাইজে শ্ৰদ্ধা ভক্তিৰে পুজা-অৰ্চনা কৰি আহিছিল তাহানীৰ পৰায় যদিও ৰজা দিনীয়া প্ৰায় ৩০০ বছৰীয়া এই মন্দিৰৰ ভুমি অৱৈধ ভাৱে বেদখল কৰি পৰিৱেশ বিনষ্ট কৰিছিল আহিছিল ওচৰৰে এটা পৰিয়ালে। ১০০ শতাংশই মুছলমান অঞ্চলত অৱস্থিত মন্দিৰটোৰ ভুমি সংৰক্ষন কৰাৰ বাৱে গাওঁখনৰ হিন্দু-মুছলমান সকলোৱে বাৰে-বাৰে অৱৈধ ভাৱে বেদখল কৰি ৰখা পৰিয়ালটোক মন্দিৰৰ ভূমিখিনি এৰি দিৱলৈ বহু কাকতি মিনতি কৰিছিল যদিও মন্দিৰৰ মাটিখিনি এৰি দিয়া নাছিল।অৱশেষত উপায়ন্তৰ হৈ শান্তিপুৰ-ঘুনিমাৰিৰ হিন্দু-মুছলমান সমাজে একগোট হৈ এখন শক্তিশালী কমিটি গঠন কৰি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজহ মন্ত্ৰী আৰু ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীৰ প্ৰত্যক্ষ হস্থক্ষেপ বিচাৰিছিল।
অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চাপৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত উক্ত মন্দিৰৰ ভূমি খিনি উচ্ছেদ কৰি বেদখলমুক্ত কৰি দিয়ে।