পুনৰ উচ্ছেদ অভিযান

93

মঙলবাৰে পুৱাই মেৰাপানীত বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলালে গোলাঘাট জিলা প্ৰশাসনে। বিশেষকৈ মেৰাপানী আৰক্ষী থানা আৰু পশু চিকিৎসালয়ৰ সন্মুখত চৰকাৰী ভূমিত গঢ় লৈ উঠা দোকান সমূহ উচ্ছেদ কৰে প্ৰশাসনে।শেহতীয়াকৈ একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমিখণ্ডত অবৈধভাৱে দোকান ঘৰ নিৰ্মাণ কৰি মেৰাপানীৰ পৰিবেশ বিনষ্ট কৰিছিল। একাংশ বেদখলকাৰী এনে পৰ্যায়লৈ গৈছিল যে, মেৰাপানী পশু চিকিৎসালয়ৰ প্ৰবেশ পথটোও বেদখল কৰি একপ্ৰকাৰ বন্ধ কৰি দিছিল।