পুনৰ উগ্ৰপন্থী সদস্যক গ্ৰেপ্তাৰ

12

তামিলনাডুৰ চেন্নাইত অপাৰেচন প্ৰঘাটৰ অধীনত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰিছে এগৰাকী উগ্ৰপন্থী সদস্যক। চোৰাংচোৱা তথ্যৰ আধাৰত অভিযান চলাই অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু আৰক্ষীৰ সমন্বয়ত ১২ ফেব্ৰুৱাৰীৰ পুৱতি নিশা এই সাফল্য লাভ কৰে।অসম আৰক্ষীৰ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত খুদিগাঁৱৰ বাসিন্দা আবু চালাম আলীক গ্ৰেপ্তাৰ কৰে। চেন্নাইৰ ছেমেনচেৰী আৰক্ষী থানা এলেকাৰ পৰা আবু চালাম আলীক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ দলটোৱে।ধৃত আবু চালাম আলীক আনছাৰুল্লাহ বাংলা টিম (এবিটি) আৰু জামাত-উল-মুজাহিদীনৰ সক্ৰিয় সদস্য হিচাপে চিনাক্ত কৰা হৈছে।