পুনৰ আৰক্ষীৰ জালত নৰ হত্যাকাৰী গেৰজাই

74

অৱশেষত পুনৰ আৰক্ষীৰ জালত পৰিল দুধৰ্ষ ডকাইত গেৰজাই। আৰক্ষীৰ চকুত ধূলি দি হাস্পতালৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা নৰ হত্যাকাৰী গেৰজাইক অৱশেষত খেদি খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লখিমপুৰ আৰক্ষী আৰু অসামৰিক বাহিনীয়ে।

সোমবাৰে বিয়লি প্ৰায় ১.৪৫ বজাত লখিমপুৰৰ ভাটি জালভাৰী গাঁৱৰ নিজা ঘৰৰ সমীপৰ মনচুকা কোঁৱৰৰ ঘৰত আত্মগোপন কৰাৰ চেষ্টা চলোৱা গেৰজাইক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

সদৰ থানাৰ ভাৰপ্ৰাপ্ত মণ্টু ৰাম বৰা, জ্যেষ্ঠ উপ-পৰিদর্শক দীনেশ মেধি, সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ নেতৃত্বত যোৱা বৃহৎ আৰক্ষীৰ দলটোৱে মনচুকা কোঁৱৰৰ ঘৰৰ বিচনাৰ তলত সোমাই লুকুৱাবলৈ চেষ্টা কৰা নৰ হত্যাকাৰী গেৰজাইক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, লখিমপুৰ আৰক্ষীৰ চৰম দায়িত্বহীনতা আৰু অমনোযোগিতাৰ সুযোগ লৈ হাস্পতালৰ বিচনাৰ পৰা পলায়ন কৰিছিল গেৰজাইয়ে। আৰক্ষীৰ এনকাউণ্টাৰত আঘাতপ্ৰাপ্ত গেৰজাইৰ হাতত হেণ্ডকাফ লগাই থকাৰ পিছতো পলায়ন কৰিবলৈ সক্ষম হৈছিল দুধৰ্ষ ডকাইতজনে।

বাতৰি অনুসৰি, লখিমপুৰ কোভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অন্য এজন হাজোতীয়ে বিহাৰলৈ পলাই যোৱাৰ বাবে দিয়া পৰামৰ্শ আৰু কোভিড ৱাৰ্ডত কৰ্মৰত কেইজনমান অস্থায়ী কৰ্মচাৰীৰ সহযোগিতাত দুধৰ্ষ গেৰজাইয়ে নিৰ্বিঘ্নে চিকিৎসালয়ৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল।