পুনৰ আলফা স্বাধীনলৈ যোৱাৰ সন্দেহ অসমীয়া যুৱকৰ। পাঠশালাৰ বিভাৰকৰ কলিতা নামৰ নিৰুদ্দিষ্ট যুৱকজনে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনত যোগদান কৰাৰ আশংকা ব্যক্ত কৰিছে পৰিয়ালৰ লোকে।
জানিব পৰা মতে, মিক্সড মাৰ্ছিয়েল আৰ্টত ৰাজ্য আৰু দেশক কেইবাবাৰো নেতৃত্ব প্ৰদান কৰা বিভাৰকৰ কলিতা যোৱা ৯ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে। এগৰাকী দক্ষ ক্ৰিকেটাৰ হিচাপেও পৰিচিত যুৱকজনৰ মোবাইল ফোন সন্ধানহীন হোৱাৰ পিছৰে পৰাই অফ হৈ থকা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।
অৱশ্যে যুৱকজনে আলফা স্বাধীনত যোগদান কৰিছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
