আলফা স্বাধীনৰ ম্যানমাৰ শিৱিৰত অসমীয়া যুৱক-যুৱতীক মৃত্যুদণ্ডৰ শাস্তি বিহা ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে পুনৰ অৰণ্যমুখী হ’ল আন এজন চফল অসমীয়া যুৱক।
গোলাঘাট জিলাৰ মানস বৰগোহাঁই নামৰ যুৱকজনে যোৱা ১ নৱেম্বৰত নিষিদ্ধ সংগঠন আলফা স্বাধীনত যোগদান কৰা বুলি জানিব পৰা গৈছে।
অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এনে নিষিদ্ধ সংগঠনত অসমীয়া যুৱক-যুৱতীক যোগদান নকৰিবলৈ কৰা অনুৰোধৰ মাজতে মানসে আলফাত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে।
মানস বৰগোঁহাইয়ে নিজে পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ উল্লেখ কৰে যে তেওঁ অসমৰ বাহিৰতো কৰ্মজীৱনত সন্মুখীন হোৱা বৰ্ণবাদৰ বাবেই এই নিষিদ্ধ সংগঠনটোত যোগদান কৰিছে।