পুনৰ অসম আৰক্ষীৰ নাক কাটিলে দুটাকৈ বাইক চোৰে

87

পুনৰ অসম আৰক্ষীৰ নাক কাটিলে দুটাকৈ বাইক চোৰে। ৰাইজে ধৰি আৰক্ষীক গতাই দিয়াৰ পিছতো আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিব নোৱাৰিলে দুটা বাইক চোৰক।ছিপাঝাৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি নিশা ছিপাঝাৰৰ গৰুখুঁটি গাঁৱৰ পৰা ৰাইজে কৰায়ত্ত কৰিছিল দুটাকৈ বাইক চোৰক। পাছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এই দুই বাইক চোৰক নিজৰ জিম্মাত লয়।