পুনৰ অভিলেখ সৃষ্টিৰ বাবে সাজু বিৰাট কোহলী। ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টত ১০২ ৰান সংগ্ৰহ কৰিলেই গঢ়িব অভিলেখ। অষ্ট্ৰেলিয়াৰ এডিলেইড অ’ভেলত সৰ্বাধিক টেষ্ট ৰাণ কৰা অতিথি বেটছমেন হ’ব কোহলী। দ্বিতীয়খন টেষ্টত যদি ১০২ ৰান কৰে, তেন্তে এডিলেইডত কোহলীৰ ৰান হ’ব ৬১১ আৰু তেওঁ ব্রায়ান লাৰাৰ ৬১০ ৰানৰ অভিলেখ ভংগ কৰিব৷ উল্লেখ্য, মহান ছাৰ ভিভিয়ান ৰিচাৰ্ডছৰ ৫৫২ ৰানৰ অভিলেখ অতিক্ৰম কৰিবলৈ তেওঁক আৰু ৪৪ ৰানৰ প্ৰয়োজন।