পুত্ৰ সন্তান জন্ম দিয়েই মৃত্যু অধ্যাপিকাৰ! চিকিৎসকৰ গাফিলতিৰ অভিযোগ

192

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ ৰুমী কাকতিৰ আকস্মিক মৃত্যুত শুকুৰবাৰে নিশা নলবাৰীৰ সুশ্ৰুষা হাস্পতালত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

খবৰ অনুসৰি, গৰ্ভাৱস্থাৰ সৈতে জড়িত চিকিৎসাজনিত অৱস্থাৰ বাবে তিনিদিন পূৰ্বে সহকাৰী অধ্যাপকগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে দাবী কৰা মতে, ২৫ আগষ্টৰ পুৱাৰ ভাগত তেওঁ সুকলমে এটি পুত্ৰ সন্তান জন্ম দিছিল। তেতিয়ালৈকে সকলো ঠিকেই আছিল।

কিন্তু ২৬ আগষ্টত হঠাৎ ৰক্তচাপ বৃদ্ধি পোৱাত সুশ্ৰুষা হাস্পতালৰ চিকিৎসকে অধ্যাপিকা গৰাকীক আইচিইউলৈ স্থানান্তৰ কৰে।

দুৰ্ভাগ্যজনকভাৱে সন্ধিয়াৰ পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ঘটনা সংঘটিত হোৱাৰ লগে লগে মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসকৰ গাফিলতিৰ অভিযোগ তুলি হাস্পতাল চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পিছত নলবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।