পুত্ৰ গৌৰৱে বিসৰ্জন কৰিলে পিতৃ প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম

72

ডিজিটেল ডেস্ক: বিশ্বনাথ ঘাটত বৃহস্পতিবাৰে বিসৰ্জন কৰা হল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম। তেওঁৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে বিসৰ্জন কৰে পিতৃৰ চিতাভষ্ম।পুৱা পিতৃৰ চিতাভষ্ম লৈ গৌৰৱ গগৈ বিশ্বনাথত উপস্থিত হোৱাৰ পিছতে অসংখ্য অনুৰাগী তথা গুণমুগ্ধই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

বিশ্বনাথ চাৰিআলিৰ চন্দ্ৰপুৰ বাকৰিত প্ৰয়াত তৰুণ গগৈৰ অলেখ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ পিছত বিশ্বনাথ ঘাটত প্ৰয়াত গগৈৰ চিতাভষ্ম বিসৰ্জন কৰা হয়।