ঘৰত পুত্ৰৰ জন্মদিন পালন কৰি ওলাই অহাৰ পিছতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ আৰু পেহীয়েকৰ।
বৃহস্পতিবাৰে নিশা দিল্লীৰ দ্বাৰকাৰ এন এল ইউৰ ট্ৰেফিক চিগনেলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত লখনে (৩৭) ভগ্নীৰ ঘৰলৈ গৈ ভগ্নী, স্বামী আৰু তেওঁলোকৰ কন্যাক লৈ গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনা।
ডিচিপি (দ্বাৰকা) এম হৰ্ষ বৰ্ধনে জনোৱা মতে, ভাৰত বিহাৰৰ পৰা ১৭ নং ছেক্টৰ অভিমুখে গৈ থকা অৱস্থাত ১৩ নং ছেক্টৰৰ ফালৰ পৰা অহা এছ ইউ ভিখনে তেওঁলোকৰ বাইকত খুন্দা মাৰে।
লখন আৰু তেওঁৰ ভগ্নী ফূলা (৩০)ক চিকিৎসালয়ত মৃত ঘোষণা কৰাৰ বিপৰীতে শুকুৰবাৰে বিয়লি তেওঁৰ ১০ বছৰীয়া ভতিজী দীক্ষাৰ আঘাতত মৃত্যু হয় বুলি বৰ্ধনে জনায়।
দুৰ্ঘটনাত লখনৰ ভনীজোঁৱাই মাতে (৩২) আহত হোৱা বুলিও তেওঁ লগতে কয়।
