ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ ক’ভিড-১৯ ৱাৰ্ড আই চি ইউলৈ পি পি ই কীট্ পৰিধান কৰি গৈ তাত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ স্বাস্থ্যৰ শনিবাৰে বুজ লয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় “চিকিৎসকসকলে তাত চিকিৎসাধীন ৰোগীসকললৈ ডায়েলাইছিছ আদিকে ধৰি বিভিন্ন সেৱা প্ৰশংসনীয়ভাৱে আগবঢ়াই আছে ৷ ৰোগীসকলেও লাভ কৰা চিকিৎসাসেৱাত সন্তুষ্টি ব্যক্ত কৰি আমাৰ চিকিৎসাব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে ৷ একমাত্ৰ মানৱতাৰ স্বাৰ্থত এইধৰণৰ সেৱা নিষ্ঠাৰে আগবঢ়াবলৈ মানুহ উদ্বুদ্ধ হয়।”