ষ্টাফ ৰিপোৰ্টাৰ: পি এম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকা পুনৰীক্ষণ কৰাৰ বাবে জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আঁচনিৰ ধন মোকলাই নিদিয়াৰ বাবেও উপায়ুক্তসকলক নিৰ্দেশ দিছে। আনহাতে, পি এম কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ দিশত সংঘটিত হোৱা বিসংগতিৰ তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক দায়িত্বভাৰ অৰ্পণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
উক্ত তদন্তত বিসংগতিপূৰ্ণ তালিকা প্ৰস্তুত কৰা তথা ইয়াৰ দায়িত্বত থকা বিষয়া তথা অন্যান্যসকলক জবাহদিহি কৰা ইত্যাদি সকলো দিশ সামৰি লোৱাৰ বাবে নিৰ্দেশ দিছে। এমাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।