ক’ৰবাত ৮০, ক’ৰবাত ৯০। নৱেম্বৰৰ আৰম্ভণিতে পিঁয়াজ কিনাৰ সময়ত চকুলো টুকিবলগীয়া হৈছে গ্ৰাহকে। যিটো ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে। সেইবাবেই কেন্দ্রই পিয়াঁজৰ দাম নিয়ন্ত্রণ কৰিবলৈ খৰখেদাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে৷ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতি কেজিত মাত্ৰ ২৫ টকাকৈ বিক্ৰী হ’ব পিঁয়াজ।
ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন বা নাফেডে ৰাজ্যসমূহৰ খাদ্য বিভাগৰ সৈতে যৌথভাৱে পিয়াঁজ বিক্ৰী কৰিব। তাকো প্ৰতি কিলোত মাত্ৰ ২৫ টকা। কিন্তু এজন ক্ৰেতাই এটা সময়ত ২ কেজিতকৈ অধিক পিঁয়াজ কিনিব নোৱাৰে। ক’লা বজাৰ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম অৱস্থাত কেইখনমান ডাঙৰ চহৰত পিয়াঁজ সস্তাতে বিক্ৰী হৈছিল। কিন্তু এইবাৰ সমগ্ৰ দেশতে ইয়াৰ ব্যাপক বিক্ৰী হ’ব।
জানিব পৰা মতে, দেশৰ ২১খন ৰাজ্যৰ ৩২৯টা ষ্টলত নাফেডে প্ৰতি কিলোগ্ৰামত ২৫ টকাকৈ পিঁয়াজ বিক্ৰী কৰিব। কেৱল পিঁয়াজৰ দাম নিয়ন্ত্ৰণৰ বাবে আন এক কেন্দ্ৰীয় সংস্থা নাফেডেই নহয়, ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচনেও এই যুঁজত যোগদান কৰিছে। ইয়াৰ উপৰিও দেশৰ ২০খন ৰাজ্যত তেওঁলোকৰ ৪৫৭খন নিয়ন্ত্ৰিত বজাৰ আছে। তাত ২৫ টকাত পোৱা যাব পিঁয়াজ।
উৎসৱৰ বতৰত বৃদ্ধি পোৱা চাহিদা আৰু অভাৱৰ সমন্বয়ৰ বাবেই পিঁয়াজৰ মূল্য বৃদ্ধি। তদুপৰি বহু ৰাজ্যত বৰষুণৰ পৰিমাণ গড়তকৈ কম। ইফালে মহাৰাষ্ট্ৰ চৰকাৰে পিঁয়াজৰ ৰপ্তানিৰ ওপৰত ৩০ শতাংশ কৰ আৰোপ কৰিছে। ফলত সেই পিঁয়াজ আন ৰাজ্যত উপনীত হ’লেও দাম একেবাৰে কমি নাযায় বুলি জ্ঞাত মহলে ভাবে।