পাৰ্থ প্ৰতীম মজুমদাৰক এনআৰচিৰ সমন্বয়কৰ দায়িত্ব

155

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি)ৰ নতুন সমন্বয়ক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে পাৰ্থ প্ৰতীম মজুমদাৰক।

অসম চৰকাৰৰ পাৰ্চনেল বিভাগে সদৰী কৰা মতে, এনআৰচিৰ সঞ্চালক হিচাপেও দায়িত্ব অৰ্পণ কৰা হৈছে পাৰ্থ প্ৰতীম মজুমদাৰক।

উল্লেখ্য যে, বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ কাৰ্যকালৰ অন্ত পৰিব অহা ৩১ জুলাইত। বৰ্তমানৰ সমন্বয়ক গৰাকীৰ কাৰ্যকাল অন্ত পৰাৰ পূৰ্বেই পাৰ্থ প্ৰতীম মজুমদাৰক সমন্বয়ক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে।