পাষাণ মাতৃৰ নিৰ্দয় কাণ্ড! ভালুকৰ গড়ালত পেলাই দিলে তিনি বছৰীয়া সন্তানক, দৃশ্য দেখি শিয়ঁৰি উঠিব আপুনিও

124

স্নেহ আৰু মমতাৰ যদি সৰ্বোচ্চ উপমা আছে, সেয়া হৈছে মাতৃ। দহ মাহ এটি সন্তানক গৰ্ভত ধাৰণ কৰা মাতৃৰ সন্তানৰ প্ৰতি থকা স্নেহৰ আন কাৰো সৈতে তুলনা নহয়।

কিন্তু তাৰ মাজতেও এনে পাশবিক মনৰ মাতৃ আছে, যিয়ে নিজৰ সন্তানক নিজেই মৃত্যুৰ মুখলৈ ঠেলি দিয়ে বা হত্যা কৰে। তেনে এগৰাকী নিৰ্দয় অন্তৰৰ মাতৃৰ এক লোমহৰ্ষক কাণ্ডই এতিয়া তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া। এখন চিৰিয়াখানাত ভালুকৰ গড়ালত এগৰাকী পাষাণ মাতৃয়ে নিজৰ সন্তানক দলিয়াই দিয়াৰ এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।

এই ঘটনা উজবেকিস্তানৰ তাচখন্দৰ এখন চিৰিয়াখানাৰ। চিৰিয়াখানাখনত অন্য দৰ্শনাৰ্থীৰ সৈতে উপস্থিত থকা এগৰাকী মাতৃয়ে তেওঁৰ তিনি বছৰীয়া কন্যা সন্তানটিক ভালুকৰ গড়ালত পেলাই দিয়ে। অৱশ্যে সুৰক্ষা কৰ্মীয়ে শিশুটিক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ভাইৰেল ভিডিঅ’টোত প্ৰত্যক্ষ কৰিব পৰা মতে, এগৰাকী মহিলাই এটা শিশুক ভালুকৰ গড়ালৰ ৰেলিঙৰ ওপৰত ধৰি আছে। আৰু আনে তলকিব পৰাৰ আগতেই মহিলাগৰাকীয়ে শিশুটোক ৰেলিঙৰ ওপৰেৰে ভালুকৰ গড়ালত পেলাই দিয়ে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে ওচৰতে উপস্থিত থকা কেইবাজনো সুৰক্ষাকৰ্মীয়ে গড়ালৰ ভিতৰত প্ৰৱেশ কৰি শিশুটোক উদ্ধাৰ কৰে। অৱশ্যে ৫ মিটাৰ উচ্চতাৰ পৰা পৰি কন্যা শিশুটিয়ে মূৰ আৰু শৰীৰৰ আন অংগত কিছু আঘাত পায়।

শিশুটিক নিৰ্মমভাৱে গড়ালত পেলাই দিয়া মহিগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰখা হৈছে। হত্যাৰ ষড়যন্ত্ৰত দোষী সাব্যস্ত হলে মহিলাগৰাকীয়ে ১৫ বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ডেইলি মলৰ বাতৰি অনুসৰি, যিটো ভালুকৰ গড়ালত শিশুটিক পেলাই দিয়া হৈছিল, সেই ককেচিয়ান প্ৰজাতিৰ মুগা ভালুকটোৰ নাম হৈছে জুজু। শিশুটিক মাতৃয়ে দলিয়েই দিয়াৰ পিছত জুজু নামৰ ভালুকটোৱে শিশুটিৰ ওচৰলৈ আহি এবাৰ শুঙি চায় আৰু কোনো অনিষ্ট নকৰাকৈ আঁতৰি যায়। যাৰ বাবে কণমানি শিশুটি জীৱন্তে ৰক্ষা পৰে।