‘পাপ্পু’ এতিয়া পাপ্পু হৈ নাই…

68

ভাৰতীয় ৰাজনীতিত সুস্বাস্থ্যৰ কথা প্ৰথম আনিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৫৬ ইঞ্চিৰ বুকুৰ কথা কৈ নিজৰ নিজক শক্তিশালী প্ৰতিপন্ন কৰিব বিচাৰিছিল মোডীয়ে। পিছে ফিটনেছৰ দিশৰ পৰা চাবলৈ গ’লে প্ৰধানমন্ত্ৰীতকৈ ৰাহুল গান্ধী বহু ওপৰত। অৱশ্যে এয়াও ঠিক যে বয়সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাহুল গান্ধীতকৈ ২০ বছৰে ডাঙৰ।

বিগত কিছু মাহত ৰাহুল গান্ধীয়ে নিজৰ পাপ্পু ইমেজক ৰাজনৈতিক শক্তি হিচাপে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। ৰাহুল গান্ধীক পাপ্পু নাম দিছিল বিজেপিয়ে। মৰমত দিয়া নাম নহয়, উপহাসৰ নামহে। কিন্তু যোৱা কিছু দিনত ৰাহুল গান্ধী যেন ৰাজনীতিত পৰিপক্ক হৈ উঠিছে। বিশেষকৈ দক্ষিণ ভাৰতলৈ ৰাহুল গান্ধীৰ আহ যাহ পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে।

তামিলনাডুতে হত্যা কৰা হৈছিল ৰাহুল গান্ধীৰ পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ। কিন্তু এতিয়া সেই লৈ আক্ষেপ যেন নাই ৰাহুলৰ মনত। ৰাহুল গান্ধীক প্ৰায়ে দেখা যায় তামিলনাডুত। তামিলনাডুৰ স্থানীয় সংবাদ মাধ্যম সমূহেও ৰাহুল গান্ধীক লৈ পজিটিভ নিউজ প্ৰচাৰ কৰা আজিকালি চকুত পৰে।

এতিয়াৰ ৰাহুল গান্ধী ৰাজনীতিত সক্ৰিয় হোৱাৰ উপৰিও যুৱ সমাজৰ মাজতো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মঞ্চত পুচ আপ কৰি ৰাহুলে প্ৰমাণ দিছে যে তেওঁ এজন যুৱকৰ দৰেই দৈহিক ভাৱে সবল।

ৰাহুল গান্ধীয়ে যেতিয়া আৰৱ সাগৰত মাছমৰীয়াৰ সৈতে সাতোৰ দিয়ে, যেতিয়া মঞ্চত এখন হাতেৰে পুছ আপ কৰে তেতিয়া সকলোৱে ৰ লাগি যায়। পূৰ্বে কোনেও কাহানিও কল্পনাই কৰা নাছিল যে ৫০ বছৰীয়া ৰাহুল গান্ধীয়ে সাতুৰিব জানে, এজন যুৱকৰ দৰেই শাৰিৰীক কচৰৎ কৰিব পাৰে। ৫৬ ইঞ্চি বুকুৰ দম্ভালি মৰা সকলে হয়তো এনেবোৰ কথা নাজানিয়েই ৰাহুল গান্ধীক নাম দিছিল পাপ্পু।

কিন্তু ৰাহুল গান্ধীৰ জনপ্ৰিয়তা এতিয়া লাহে লাহে বৃদ্ধি পাইছে। ৰাজনীতিৰ ক্ষেত্ৰখনতো তেওঁ প্ৰমাণ কৰি দিছে যে নেতৃ্ত্ব বহন কৰিব পৰাকৈ তেওঁ সক্ষম।