পানীৰ মাজত বন্দী এটা হাতী। দৰঙৰ কাহিতলীত এটা পোহনীয়া হাতী ১৬ দিন ধৰি অনাহাৰে বন্দী কৰি ৰখা হৈছে । গৰাকীৰ চৰম নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে এই হাতীটো। দৰঙৰ উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনস্থ কাহিতলি গাঁৱত বন্দী হৈ আছে এই হাতীটো। গাঁও খনৰ দিমিলা নৈৰ পাৰত এখন সৰু হাবিৰ মাজত বান্ধি ৰখা হৈছে হাতীটোক। এক বিশেষ ৰোগত আক্ৰান্ত হৈ থকা হাতীটোৰ প্ৰযোজনীয় চিকিৎসা কৰাৰ পৰিবৰ্তে ভোকে লঘোনে বন্দী কৰি ৰাখিছে পোহনীয়া হাতীটো। অত্যন্ত খঙাল হৈ পৰা হাতীটোৰ বিকট চিঞৰে আতংকিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক। ইতিমধ্যে বাঢ়ি আহিছে দিমিলাৰ বান। হাতীৰ পেট পৰ্যন্ত পানী বৃদ্ধি হোৱাত কেইবা দিন ধৰি শুবও পৰা নাই হাতীটো। হাতীটোৰ প্ৰতি কৰা আনে অত্যাচাৰত উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতিপ্ৰেমী সকল। প্ৰশাসন তথা বন বিভাগক অতি শীঘ্ৰে হাতীটো মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাইজে দাবী জনাইছে। ইতিমধ্যে বনানীকৰণ কাৰ্যলয়ৰ লোক আহি যাৱতীয় কাম কাজ কৰাৰ কথা উল্লেখ কৰে।