পাঠশালাত শুৱালকুচিৰ পাট কাপোৰৰ নামত লুন্ঠন
শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতিৰ অভিযান
পাঠশালাত তীব্ৰ চাঞ্চল্য
তিনি হাজাৰ টকাৰে বেনাৰচি কাপোৰ পিন্ধি 16/18 হাজাৰ টকাত বিক্ৰী কৰে । শুৱালকুচিৰ পাট কাপোৰ বুলি ।তেনে এখন পাঠশালাৰ বিপনীত আজি শুৱালকুচি ৰাইজে আহি ধৰি যি দৃষ্টান্ত দেখুৱালে প্ৰকৄততে উদঙাই দিলে যে দৰাচলতে প্ৰমাণ কৰি দিলে যে পাট কাপোৰৰ নামত কেনেদৰে চলি আছে কৌটি কৌটি টকাৰ লুন্ঠন । শুৱালকুচিৰ পৰা অহা প্ৰায় 50 জনীয়া পুৰুষ মহিলা দলে আহি অভিযান চলায় পাঠশালাৰ উত্তৰ পত্তিৰ শুৱালকুচি তাঁত ঘৰ মাণিকচন্দ জুৱেলাৰ্চত । কাৰণ তাত 3 হাজাৰ টকাৰ বেনাৰচী কাপোৰ বিক্ৰী কৰিছে 16/18 হাজাৰ টকাত । বজালীৰ এগৰাকী সৰুপেটাৰ এনে ভূক্তভোগী মহিলাৰ পৰা অভিযোগ পাই শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতিয়ে চলাই এনে অভিযান ।মূহূৰ্ততে যথা স্হানত সৃষ্টি হয় বাক বিতণ্ডাৰ মাজেৰে এক উত্তেজনামুলক পৰিৱেশ ।
পৰিনতিত বিপণি খনৰ স্বত্বাধিকাৰী গৰাকীক আটক কৰি ৰাজপথেৰে খোজ কঢ়াই গাড়ীত উঠাই লৈ গল পাঠশালা আৰক্ষী চকী লৈ ll ইয়াৰ পূৰ্বে শুৱালকুচিৰ সকলো প্ৰতিবাদী মহিলা ই বিপনী খনত উপস্থিত হৈ মালিক অজিত তালুকদাৰৰ সতে তৰ্ক যুদ্ধত লিপ্ত হয় আৰু সকলো দুৰ্নীতি প্ৰমাণ কৰি দিয়ে ।
একেলগে জাঙুৰ খাই উঠে শুৱালকুচিৰ সচেতন যুবক সকল ।শুৱালকুচিৰ হল মাৰ্ক থকা বস্ত্ৰ হে অসম বাসীক কিনাৰ বাবে আহ্বান ।বিশেষ কৈ প্ৰকৃত পাটৰ কাপোৰ হয় নে নহয় সেয়া পৰীক্ষাৰ বাবে যোগাযোগ কৰিবলৈ দিয়ে 939455244 নাম্বাৰটোত।
উল্লেখযোগ্য যে অজিৎ তালুকদাৰৰ পাঠশালাত এনে বিপনি 4 খন আছে আৰু এখন দোকানতো শুৱালকুচিৰ পাট কাপোৰ নাই বুলি আজি শুৱালকুচিৰ প্ৰতিবাদী জনতাই জানিবলৈ দিয়ে । এদিনতে অজিৎ তালুকদাৰে বেনাৰচী কাপোৰ শুৱালকুচিৰ পাট বুলি বিক্ৰী কৰি 2/3 লাখ কৈ উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে প্ৰতিবাদীয়ে।
স্বাভাৱিকতে আজি এনে ঘটনাই পাঠশালাত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে । পূৰ্বে বিপণি খনৰ পৰা কাপোৰ কিনা বহু লোকে এতিয়া সন্দেহৰ চকুৰে চাই উত্তেজিত হৈ উঠিছে । অকল অজিৎ তালুকদাৰৰে নহয়, বৰং পাঠশালাৰ আন পাট কাপোৰৰ বিপণী ও এতিয়া সন্দেহৰ গৰাহত আৰু এনে বিপণিৰ লগতে শুৱালকুচি তাঁত উন্নয়ন সমিতি য়ে অসমৰ ভিন্ন প্ৰান্তত অভিযান চলাব আৰু সকলোকে আহ্বান যে হল মাৰ্ক থকা কাপোৰ হে ক্ৰয় কৰক । সম্প্ৰতি আৰক্ষী আৰু দণ্ডাধীশ এ ছিল কৰিছে পাঠশালাৰ শুৱালকুচিৰ তাঁত ঘৰ ।