পাঠশালাত যাত্ৰীবাহী বাছৰ পৰা অবৈধ ধন সংগ্রহ

160

পাঠশালাত প্ৰতিখন যাত্ৰীবাহী বাছৰ পৰা অবৈধ ভাবে সংগ্রহ কৰা হয় ৮০ টকাকৈ ধন। পাঠশালা পৌৰ সভাৰ বাছ আস্হানত বাছ সমূহ ৰখোৱাৰ বিপৰীতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোডত একাংশ সুবিধাবাদী লোকৰ কৃপাত যাত্ৰীবাহী বাছ সমূহ ৰখাবলৈ দিয়া হয়। আৰক্ষীয়ে NO PARKING ফলক এখন নামত লগাই থৈছে যদিও কাৰ্যত সেয়া কোনো কামৰ নহয়।
ইপিনে প্ৰতিখন বাছৰ পৰা ৮০ টকাকৈ সংগ্রহ কৰা সন্দৰ্ভত স্বানীয় সাংবাদিকে তদন্ত কৰাত সমগ্র কেলেংকাৰী পোহৰলৈ আহে। সাংবাদিকৰ এক অনুসন্ধানত পাঠশালাত বাছ সমূহে মুঠ ৮০ টকাকৈ আদায় দিব লগা হয়। ইয়াৰে ৩৫ টকা বাছ মালিক সন্হাৰ, ১৫ টকা আৰক্ষীৰ, ১০ টকা শ্ৰমিক সন্হাৰ আৰু ২০ টকা পাঠশালা পৌৰ সভাৰ বুলি বাছৰ পৰা ধন আদায় কৰা ব্যক্তিয়ে সদৰি কৰে। লক্ষনীয় ভাবে পাঠশালা পৌৰ সভাৰ ২০ টকাৰ এখন ৰচিদ অবশ্যে মাজে সময়ে বাছৰ কৰ্মচাৰীক দিয়ে যদিও ৰচিদ অবিহনে ৮০ টকাকৈ সংগ্রহ কৰা হয় প্ৰতিখন বাছৰ পৰা।