পাঠশালাত ছাত্ৰী নিৱাসৰ ছাদৰ পৰা পৰি মৃত্যু মেধাৱী ছাত্ৰীৰ! কাপোৰ মেলিবলৈ যাওতেই ঘটে এই ঘটনা…

128

বজালী জিলাৰ অন্তৰ্গত পাঠশালাত উচ্চতৰ মাধ্যমিকৰ এগৰাকী ছাত্ৰী ছাত্ৰী নিৱাসৰ ছাদৰ পৰা পৰি মৃত্যুক সাৱটি লয়।

ছাদত কাপোৰ মেলিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই অঘটন।

নিহত ছাত্ৰীগৰাকীক বজালীৰ বাঘমৰাৰ হৃষিতা দাস বুলি জানিব পৰা গৈছে।

পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ কলেজৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ বৰ্ষৰ ছাত্ৰী আছিল হৃষিতা।

ধীৰেণ চৌধুৰী নামৰ এজন ব্যক্তিৰ ঘৰত পেয়িং গেষ্ট হিচাপে আছিল ছাত্ৰীগৰাকী।