পাটেকীবড়ি বেদখল ভূমি মুক্ত কৰি প্ৰশাসনে চমজাই দিলে সত্ৰৰ সমিতিক

86

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসম সত্ৰ ভুমি বেদখল আৰু পুনৰীক্ষণ আয়োগৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া তৎপৰতাত গুৰুজনাৰ জন্মস্থান পাটেকীবড়ি সত্ৰৰ ভূমি অৱশেষত হ’ল বেদখলমুক্ত। উল্লেখ্য যে লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস জ্যোতি বৰাই কালি কাননগোসহ ১৭গৰাকী মণ্ডলক লগত লৈ মৈৰাবাৰীৰ শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ি সত্ৰৰ মাটি জোখ-মাপ কৰাৰ লগতে ১৩ বিঘা ৭লেচা মাটি বেদখলমুক্ত কৰি শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ি সত্ৰ সমিতিক দখল চমজি দিয়ে।

ফলত আজিৰে পৰা বেদখলমুক্ত হল পাটেকীবড়ি সত্ৰ। দীৰ্ঘদিন ধৰি সত্ৰৰ ভূমিত বসবাস কৰি থকা পৰিয়ালকেইটাই নিজৰ আপোন ঘৰখন কালি স্ব-ইচ্ছাই নিজ হাতেৰে ভাঙি লৈ যোৱাৰ সময়তে ক্ষন্তেক সময়ৰ বাবে সামান্য আৱেগিক হৈ পৰিছিল যদিও পাছলৈ হাঁঁহি মুখে সত্ৰ সমিতিৰ লগত একেলগে এসাঁজ ভাত খোৱাৰ দৃশ্যও দেখিবলৈ পোৱা গ’ল।

শান্তিপূৰ্ণভাৱে সমাধান হোৱা এই বিষয়টো মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসেও পৰিস্থিতিৰ ওপৰত সঘনাই খবৰ লোৱা পৰিলক্ষিত হয়। দীৰ্ঘদিনীয়া পাটেকীবড়ি সত্ৰৰ এই ভূমি সমস্যাটো সমাধান হোৱাত ৰাইজে মৰিগাঁও জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে কালি পুৱাৰে পৰা নিশালৈকে লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে জোখ-মাপ কামত লাগি প্ৰথমে মৈৰাবাৰী গাঁৱৰ কিচামতৰ ২৯৩নং দাগৰ ৭ বিঘা ৪ কঠা ৯ লেচা, ২৯৫ দাগৰ ২বিঘা ২কঠা ১৫ লেচা,৩১৫ নং দাগৰ ১বিঘা ৪কঠা ১৩লেচা আৰু দুৰাবন্ধী বিল কিচামতৰ ৬ নং দাগৰ ৩ কঠা ১০ লেচা সত্ৰ ভূমি বেদখল মুক্ত কৰা হয়।