পাটাকাটা গাওঁপঞ্চায়ত কাৰ্য্যালয়ত ৰাইজৰ উত্তাল প্ৰতিবাদ

194

পাটাকাটা গাওঁপঞ্চায়ত কাৰ্য্যালয়ত ৰাইজৰ উত্তাল প্ৰতিবাদ।
প্ৰধানমন্ত্ৰী আবাস যোজনাৰ কেচাঁ ঘৰৰ হিতাধিকাৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।
ভেৰিফিকেচন বন্ধ কৰি পৰিয়ালৰ বছৰেকীয়া আয়ৰ ভিত্তিত কেচাঁ ঘৰৰ হিতাধিকাৰী নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিলে।

উল্লেখ্য যে দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত পাটাকাটা গাওঁপঞ্চায়তত কেচাঁ ঘৰৰ ভেৰিফিকেচনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তাল প্ৰতিবাদৰ৷
পঞ্চায়ত খনৰ কাৰ্য্যালয়ৰ চৌহদত প্ৰায় দুই শতাধিক পৰিয়ালে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদ কাৰী সকলে জনিব দিয়ে যে ভেৰিফিকেচনৰ কাম আৰম্ভ কৰাত আৰু চৰকাৰী গাইট লাইন মতে হিতাধিকাৰীৰ পূৰণি ঘৰখনৰ বেৰ খেৰপাতৰ বা বাহঁৰ হব লাগিব ৷কিন্তু পাটাকাটা পঞ্চায়তটোত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া সঘনেই হৈথাকে আৰু মানুহ বোৰে প্ৰতি বছৰেই প্ৰায় ঘৰ-বাৰী স্থানন্তৰ কৰিব লগা হয়৷ সেয়েহে খেৰ আৰু বাহঁৰ বেৰ সঘনেই টনা টনি কৰাত বহুত খতি হয় ৷গতিকে বহু কষ্ট কৰি হলেও গুৱাহাটীৰ লগতে ৰাজ্যখনৰ বিভিন্ন ঠাইত আনকি বহিঃৰাজ্যতো দিন হাজিৰা কৰি, আনকি বহুতেই ৰাইজৰ পৰা ভিক্ষা খুজি নিম্নমানৰ টিনপাত কিনি বেৰত লগাই বসবাস কৰাৰ কথা জানিব দিয়াৰ লগতে পূৰণী ঘৰৰ বেৰৰ উপৰত লক্ষ্য নকৰি উপাৰ্জনৰ পিনে লক্ষ্য কৰি প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ আধাৰত পাটাকাটা গাওঁ পঞ্চায়তখনৰ প্ৰতি জন হিতাধিকাৰীক কেচাঁ ঘৰ দিয়াটো নিশ্চিত কৰাৰ দাবী জনায়৷
আনহাতে উক্ত প্ৰতিবাদ সন্ধৰ্ভত গাওঁ পঞ্চায়তটোৰ সভানেত্ৰীৰ অবিভাৱক মিৰাজুল হকে জানিব দিয়া মতে পঞ্চায়তটোত চৰকাৰী ভাবে মুঠ এক সহস্ৰাধিক হিতাধিকাৰীৰ নাম আহিছিল যদিও তাৰ ভিতৰত প্ৰাপ্য হিচাপত ৯৮৬জন হিতাধিকাৰীৰ নাম গাওঁসভাই নিশ্চিন্ত কৰে আৰু সিহঁতে কেচাঁ ঘৰ পাব লাগে বুলি জানিব দিয়ে৷