সীমা হাইদৰ কোন? ভাৰতীয় প্ৰেমিক, বা পাক চোৰাংচোৱাৰ সৈতে সীমান্ত পাৰ হোৱা এগৰাকী সাধাৰণ কইনা! ৰহস্য দিনক দিনে বাঢ়ি গৈ আছে, কমি যোৱা নাই। এতিয়া উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজন যুৱক। অভিযোগ অনুসৰি শচীন-সীমাৰ বিবাহৰ বাবে অভিযুক্তই ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰিছিল।
এতিয়া সীমাৰ পৰিচয় উন্মোচন কৰাটো এ টি এছৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। সেই অনুসন্ধানত পাকিস্তানী সীমাৰ সৈতে জড়িত সকলো তথ্য ইতিমধ্যে দিল্লীত থকা পাকিস্তান দূতাবাসলৈ প্ৰেৰণ কৰা হৈছে। তেতিয়াই শচীন-সীমাৰ আধাৰ কাৰ্ড আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ সলনি কৰাৰ অভিযোগত পুষ্পেন্দ্ৰ আৰু পৱন নামৰ দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সোধা-পোছাত সন্তুষ্ট নোহোৱাত গ্ৰেপ্তাৰ কৰে দুয়োকে। তদন্তকাৰীয়ে জনোৱা মতে, তেওঁলোকৰ পৰা ১৫খন ভুৱা আধাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছে।
আৰক্ষীৰ মতে, শচীন-সীমাৰ বিবাহৰ বাবে ভুৱা নথি-পত্ৰ ক্ৰয় কৰাৰ উপৰিও যুৱক দুজনে ভুৱা নথি-পত্ৰ নিৰ্মাণৰ চক্ৰ চলাইছিল। ইফালে, ভুৱা নথি-পত্ৰৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগেই এজন ভাৰতীয় যুৱকৰ পাকিস্তানী কইনাৰ সৈতে বিয়া হোৱাক লৈ আৰক্ষীৰ সন্দেহ বাঢ়িবলৈ ধৰিলে। সীমা আৰু শচীনে দাবী কৰিছিল যে তেওঁলোকে নেপালৰ পশুপতিনাথ মন্দিৰত বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু পুষ্পেন্দ্ৰ আৰু পৱন ধৰা পৰাৰ পৰা সেই বক্তব্যৰ সত্যতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
উল্লেখযোগ্য যে, ভিডিঅ’ গেম PUBG খেলৰ জৰিয়তে নয়ডাৰ বাসিন্দা শচীনৰ প্ৰেমত পৰি ভাৰতলৈ আহিছিল বুলি দাবী কৰিছে পাকিস্তানী কন্যা সীমা হাইদৰে। যোৱা ৪ জুলাইত নেপাল ভ্ৰমণ কৰি ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। জামিন পোৱাৰ পিছত শচীনক বিয়া কৰাইছিল। নতুন শহুৰেকৰ ঘৰত চাৰিটা সন্তানসহ এটা পৰিয়াল গঢ়ি তুলিছিল। কিন্তু সীমাৰ বিৰুদ্ধে তদন্ত এতিয়াও অব্যাহত আছে। কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ পিছৰে পৰা পাকিস্তানী যুৱতীগৰাকীৰ উদ্দেশ্যক লৈ ক্ৰমাৎ বিভ্ৰান্তিৰ সৃষ্টি হৈছে।
