ডিজিটেল ডেস্কঃ বহু বছৰ পূৰ্বেই ভাৰতে নিষিদ্ধ কৰিছিল পাকিস্তানৰ অভিনেতা ফাৱাদ খানক। এইবাৰ মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ নেত্ৰী অমিয়া খোপকাৰ গৰজি উঠিল ফাৱাদ খান অভিনীত নতুন পাকিস্তানী ছবি ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ক লৈ।
তেওঁ টুইট কৰি কয়, ‘মুম্বাইৰ এটা কোম্পানীয়ে এই পাকিস্তানী ছবিখন ভাৰতত মুক্তিৰ কথা চিন্তা কৰিছে। এই পৰিকল্পনা বন্ধ কৰিব লাগিব। পাকিস্তানৰ এই ছবিখন এই দেশত মুক্তি পাবলৈ দিয়া নহয়। এই ক্ষেত্ৰত আমি ৰাজ চাহাবৰ কথা অনুসৰণ কৰিম।”
টুইটটোত তেওঁ লগতে লিখিছে, “যিসকল ফাৱাদ খানৰ অনুৰাগী, তেওঁলোকে পাকিস্তানলৈ গৈ ছবিখন চাওক”।
পাকিস্তানী অভিনেতা ফাৱাদ খানক বলীউডৰ পৰ্দাত দেখা গৈছিল কৰণ জোহৰৰ এ দিল হায় মুছকিলত। সেই ছবিখনৰ জৰিয়তেই ভাৰতীয় ছবিপ্ৰেমীৰ মাজতো পৰিচিত হৈ পৰিছিল ফাৱাদ খান। বৰ্তমান পাকিস্তানী চিনেমাৰ পৰ্দাত ফাৱাদৰ উজ্জ্বল আধিপত্য। আৰু এইবাৰ সেই চুবুৰীয়া দেশৰ পৰা এই দেশত নতুন খবৰ বিয়পি পৰিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ফাৱাদ খানৰ নতুন ছবিখনৰ লুক। ছবিখনৰ নাম ‘দ্য লিজেণ্ড অৱ মৌলা জাট’। ছবিখনৰ পৰিচালক বিলাল লছাৰী। খবৰ অনুসৰি এই ছবিখন পাকিস্তানৰ এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা ছবি। তথ্য অনুসৰি এই ছবিখনৰ বাজেট ৬০ কোটিৰ পৰা ৭০ কোটি টকা।
এই ছবিখনৰ প্ৰথম লুক ২০১৮ চনত মুক্তি পাইছিল। একেবাৰে নতুন ৰূপত এই ছবিখনত দেখা গৈছে ফাৱাদ খানক। এই ছবিখনৰ আন এক আচৰিত কথা হ’ল আন এজন পাকিস্তানী তাৰকা হামজা আলী আব্বাছি। পৰ্দাত এই দুয়োৰে সংঘৰ্ষই এই ছবিখনৰ প্ৰকৃত কাহিনী। কোভিড পৰিস্থিতিৰ বাবে ছবিখনৰ মুক্তিৰ দিন পিছুৱাই দিয়াৰ পিছত চলিত বৰ্ষৰ অক্টোবৰত পাকিস্তানৰ লগতে কেইবাখনো ৰাষ্ট্ৰৰ ছবিগৃহত এই ছবিখনক মুক্তি দিয়া হয়।
ফাৱাদৰ উপৰিও এই ছবিখনত জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী মহিৰা খানকো দেখা গৈছে। মাহীক শ্বাহৰুখৰ বিপৰীতে দেখা গৈছিল ‘ৰইছ’ ছবিত। আনকি, মহিৰা খানৰ সৈতে ৰণবীৰৰ ৰোমাঞ্চক লৈও উৰাবাতৰি ওলাইছিল। যে মহিৰা খানে বলীউডত আৰু ছবি কৰিব নোৱাৰিলে। কিন্তু এই দেশত মহিৰা আৰু ফাৱাদ সমানে জনপ্ৰিয়।