পাকিস্তানত ভয়ংকৰ বাছ দুৰ্ঘটনাত ৩০ জনৰ মৃত্যু, আহত ১৫ জন

62

পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ কোহিস্তান জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত মৃত্যু ৩০ জন যাত্ৰীৰ, আহত হৈছে ১৫ জন।

দুৰ্ঘটনাৰ পিছতে পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে দুয়োখন বাহন।

কোহিস্তান জিলাৰ কাৰাকোৰাম ঘাইপথথ মঙলবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, গিলগিটৰ পৰা ৰাৱালপিণ্ডিলৈ গৈ থকা যাত্ৰীবাহী বাছখনে প্ৰদেশখনৰ শীতিয়াল অঞ্চলত বিপৰীত ফালৰ পৰা অহা এখন গাড়ীৰ সৈতে খুন্দা মাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰে দুয়োখন বাহন।

ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি বিভিন্ন হাস্পতালত ভৰ্তি কৰোৱায়।

এই ভয়ংকৰ দুৰ্ঘটনাটোত শোকপ্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও।