পাকিস্তান চৰকাৰে পোহনীয়া জন্তুৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে সিংহ আৰু চিতাক । এই জন্তুবোৰক ঘৰত ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে চৰকাৰে। অৱশ্যে এনে জন্তুবোৰ ৰখাৰ ক্ষেত্ৰত মানি চলিব লাগিব বহু নিয়ম।যিকোনো ব্যক্তিয়ে চৰকাৰী কোষাগাৰত ৫০ হাজাৰ টকা জমা দি সিংহ, চিতা আৰু বাঘৰ দৰে বন্য জন্তু তেওঁলোকৰ ঘৰত ৰাখিব পাৰে। অৰ্থাৎ মাত্ৰ ৫০ হাজাৰ টকাত পাকিস্তান চৰকাৰে সিংহ, চিতা আৰু বাঘক পোহনীয়া জন্তু বনোৱাৰ পথ পৰিষ্কাৰ কৰিছে। এই নিয়মৰ আঁৰত ধন উপাৰ্জন উপায উলিয়াইছে পাকিস্তানে।