পাকিস্তানত কাৰাবন্দী অৱস্থাত মৃত্যু ঘটা সৰৱজিত সিঙৰ পত্নীৰ পথ দুৰ্ঘটনাত মৃত্যু

190

২০১৩ চনত লাহোৰৰ এখন কাৰাগাৰত মৃত্যু ঘটা সৰবজিত সিঙৰ পত্নী সুখপ্ৰীত কৌৰৰ সোমবাৰে এক দুৰ্ঘটনাত মৃত্যু হয়।

আৰক্ষীৰ খবৰ অনুসৰি সুখপ্ৰীত কৌৰে দুচকীয়া বাহনত গৈ থকা অৱস্থাত অমৃতসৰৰ ওচৰৰ ফতেহপুৰ গাঁৱত ‘ভুলবশতঃ’ তাৰ পৰা পৰি যায়।

ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাতেই শেষ নিশ্বাস লয়। মঙলবাৰে তেওঁৰ গাওঁ ভিখিৱিন্দত অনুষ্ঠিত হ’ব সুখপ্ৰীতৰ শেষ অনুষ্ঠান।

জুন মাহত পাকিস্তান কাৰাগাৰৰ পৰা ভাতৃক মুক্ত কৰাৰ বাবে ‘সৰবজিত বচাওক’ অভিযান আৰম্ভ কৰা সৰবজিতৰ ভগ্নী দলবীৰ কৌৰৰো হাৰ্ট এটেকৰ ফলত মৃত্যু ঘটিছিল।

১৯৯০ চনত মদ্যপান কৰি পাকিস্তানলৈ পাৰ হৈছিল সৰবজিত সিঙ। তেওঁ সীমান্তৱৰ্তী গাওঁ ভিখিৱিন্দৰ বাসিন্দা আছিল।

পাকিস্তানত মঞ্জিত সিঙৰ ভুৱা পৰিচয় ব্যৱহাৰ কৰি বোমা বিস্ফোৰণৰ গোচৰত জড়িত থকাৰ অভিযোগত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। ২০০৮ চনৰ ১ এপ্ৰিলত সৰবজিত সিঙক ফাঁচী দিবলৈ আদালতে নিৰ্দেশ দিছিল যদিও আন্তঃৰাষ্ট্ৰীয় হেঁচাত তেওঁৰ ফাঁচী অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছিল।

২০১৩ চনত লাহোৰৰ এখন কাৰাগাৰত সতীৰ্থ কাৰাবন্দীসকলে আক্ৰমণ কৰাৰ পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।২০১৩ চনৰ ১ মে’ত লাহোৰৰ জিন্না হাস্পতালত মৃত্যু হৈছিল সৰৱজিতৰ।