পহিলা জুনৰ পৰা দৈনিক ২০০ খন ৰেলযোগে আহিব শ্ৰমিক

81

ষ্টাফৰিপোৰ্টাৰ, ২২ মে’: পহিলা জুনৰ পৰা দৈনিক ২০০ খন ৰেলযোগে দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা শ্ৰমিক তথা অন্যান্য সকলক নিজ ৰাজ্যলৈ ঘূৰাই নিব বুলি ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে। সেয়েহে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে আজি কেন্দ্রীয় ৰেল মন্ত্ৰী পীয়ুচ গোৱেললৈ এখন প্ৰত্ৰ প্ৰেৰণ কৰি অসমৰ বাবে অতিকমেও ১৫ খন ৰেলৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।