পহিলা জানুৱাৰীৰ পৰা টোলগেটত অনিবাৰ্য হব ফাষ্টগেট…

64

ডিজিটেল ডেস্ক : আগন্তুক বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা টোল গেটত ফাষ্টটেগৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। এই নিৰ্দেশনা জাৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আঞ্চলিক বিষয়া আব্দুল বাছিটে কয় যে পথ পৰিবহন আৰু ৰাজপথ মন্ত্ৰালয় অনুসৰি, ১ জানুৱাৰী ২০২১ ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা টোল গেট সমূহত ফাষ্টটেগ অনিবাৰ্য হ’ব।

তেও লগতে কয় যে যিসকল চালকৰ ফাষ্টটেগ নাই সেই সকলে বেংক অথবা পেটিএমৰ জৰিয়তে কিনিব পাৰিব। টোল প্লাজাত বিক্ৰীৰ স্থানৰ পৰা ক্ৰয় আৰু ৰিচাৰ্জ কৰাৰ সুবিধাও থাকিব। এগতে ইয়াত পেটিএম, ফোন পে আদিও উপলব্ধ হ’ব।