২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ আৰু অৰুণাচল প্ৰদেশ বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে বিজেপিয়ে।
বিজেপিয়ে অৰুণাচল প্ৰদেশৰ লুমলা (এছ টি) আসনৰ পৰা প্ৰাক্তন বিধায়ক জম্বে তাছিৰ পত্নী চেৰিং লামুক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
আনহাতে দিলীপ সাহাক প্ৰক্ষেপ কৰিছে পশ্চিম বংগৰ সাগৰদিঘী সমষ্টিৰ পৰা।
উল্লেখ্য যে, দুয়োখন ৰাজ্যৰ এই সমষ্টিৰ বিধায়ক দুগৰাকীৰ মৃত্যুৰ পিছত বিধায়কৰ আসন দুখন খালী হৈ আছিল।
