পশ্চিম বংগত তীব্ৰ অস্বস্তিত বিজেপি, দিদিৰ তৃণমূল কংগ্ৰেছত যোগদান বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী য়শৱন্ত সিনহাৰ

73

প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী চৰকাৰৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী যশবন্ত সিনহাই আজি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছতে পশ্চিম বংগত তীব্ৰ অস্বস্তিত ভূগিছে বিজেপি। বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতাগৰাকীয়ে আজি দিনৰ প্ৰায় ১২ বজাত তৃণমূল কংগ্ৰেছৰ কলকতাস্থিত তৃণমূল ভৱনত উপস্থিত হৈ তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰেইন, সুদীপ বন্দোপধ্যায়, সুব্ৰত মুখাৰ্জীৰ উপস্থিত তৃণমূল কংগ্ৰেছত যোগদান কৰে।

উল্লেখ্য যে, সুদীৰ্ঘ কাল বিজেপিৰ সৈতে জড়িত হৈ থকা যশৱন্ত সিনহাই শেহতীয়াকৈ বহুবোৰ বিষয়ক লৈ মোডী চৰকাৰৰ বিৰোধিতা কৰিছিল। জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বাতিল কৰাৰ সময়তো চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল বিজেপিৰ বৰ্ষীয়ান নেতাগৰাকীয়ে।

আজি তৃণমূল কংগ্ৰেছত যোগদান কৰি ৮৩ বৰ্ষীয় নেতাগৰাকীয়ে কয় যে বিজেপিয়ে ভাৰতৰ পৰা গণতন্ত্ৰ ধ্বংস কৰাৰ চেষ্টা চলাইছে। আজিৰ পৰিস্থিতিত ন্যায়পালিকাৰ লগতে দেশৰ সকলো চৰকাৰী প্ৰতিষ্ঠান শক্তিহীন হৈ পৰা বুলিও অভিযোগ কৰে প্ৰাক্তন বিজেপি নেতাগৰাকীয়ে। আনহাতে যশৱন্ত সিনহাৰ যোগদানে পশ্চিম বংগৰ সমাগত বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ স্থিতি অধিক সবল কৰিব বুলি মন্তব্য কৰে দলটোৱে।