পশ্চিম কাৰ্বি আংলঙৰ জেংখাত শোকাৱহ পথ দুৰ্ঘটনা

62

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত শোকাৱহ পথ দুৰ্ঘটনা। জেংখাৰ চেক-আৰ্টু চাৰিআলিত বালি কঢ়িওৱা ডাম্পাৰত তীব্ৰবেগী বাইকৰ খুন্দা। বালি কঢ়িওৱা ডাম্পাৰখন বগৰীঘাটৰ পৰা আমলঙলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰত খুন্দা মাৰে বাইক খনে। দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজনৰ অৱস্থা অতি সংকট জনক। নিহত লোকজনক বিহেনৰো গাঁৱৰ নিবাসী ৰামচন তেৰাং (৩৮) আৰু আহত লোকজনক থাৰৱে-চেৰপ গাৱঁৰ বাসিন্দা লংবুই তিচ্ছ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।