পশ্চিমবঙ্গত সংঘটিত ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অসমৰ ২ যাত্ৰীয়েও

115

বৃহস্পতিবাৰে সন্ধিয়া পশ্চিমবঙ্গত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিকানেৰ-গুৱাহাটী ৰেলখনত কৰুণ মৃত্যুক সাৱটি লয় অসমৰ শিশুসহ দুজন লোকে।

দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা অসমৰ যাত্ৰী দুগৰাকীক ক্ৰমে ১২ বছৰীয়া কিশোৰী চাধি খাতুন আৰু আনগৰাকী গুৱাহাটীৰ ৬৮ বছৰীয়া শান্তা দেৱী বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, জলপাইগুৰিত ৰেলখনৰ ১২টা ডবা লাইনচ্যুত হোৱাৰ ফলত ৯ জন যাত্ৰীৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় ৩৬ জনকৈ লোক।

গুৱাহাটী অভিমুখী ৰেলখনত মুঠ ২৯০ গৰাকী অসমৰ আছিল। পিছত অসমৰ যাত্ৰীসকলক বিশেষ ৰে’ল যোগে গুৱাহাটী ৰেলৱে ষ্টেচনলৈ লৈ অনা হয়। তাৰ পিছত ষ্টেচনৰ পৰা বিশেষ বাছেৰে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৰাজ্য চৰকাৰে।

ইতিমধ্যে নিহত সকলক পাঁচ লাখ আৰু আহত সকলক ২ লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।