এন ডি এয়ে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।
পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখড় হ’ব বিজেপি তথা NDA-ৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।
দিল্লীত অনুষ্ঠিত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত।
বিজেপিৰ সভাপতি জে পি নড্ডাই ৰাজহুৱা কৰিলে এই কথা।
উল্লেখ্য যে, ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলে ভোটদান কৰিব।
উল্লেখ্য যে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৰ কাৰ্যকাল অহা ১০ আগষ্টত সমাপ্ত হ’ব।