ডিজিটেল ডেস্ক :- চিবিআইয়ে শনিবাৰে পশ্চিমবংগৰ ২০টা স্থানত অভিযান চলায়। অবৈধ কয়লা মাফিয়াৰ অনুসন্ধানত চিবিআইয়ে এই ২০ স্থানত অভিযান চলায়। ইফালে আইকৰ বিভাগে কয়লা মাফিয়া বুলি সন্দেহজনক ভাবে অনুপ মাঝিক জাননী দিয়ে। মাঝিৰ সৈতে সম্পৰ্ক থকা সকলো স্থানতে চিবিআইয়ে অভিযান চলায়।
চিবিআইয়ে আচাঞ্চল, দূৰ্গাপুৰ আৰু ৰানীগঞ্জত এই অভিযান চলায়। কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ দুৰ্নীতি নিবাৰণ শাখাই এই সম্পৰ্কে তদন্ত অব্যহত ৰাখিছে। চিবিআইয়ে দুমাহ আগতে পশ্চিম বংগৰ বিভিন্ন স্থানত অভিযান চলাইচিল। তাৰ পিছত ভাৰত বাংলাদেশ সীমান্তত গৰুৰ অবৈধ সৰবৰাহৰ ক্ষেত্ৰত এই ব্যৱস্থা লোৱা হৈছিল।
