পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰীক কনভয়ত শিলাক্ৰমণ! TMCৰ বিৰুদ্ধে অভিযোগ…

482

পশ্চিম বংগৰ কোচবিহাৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিসিথ প্ৰমানিকৰ কনভয়ত টিএমচি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰমানিকৰ কনভয় বুৰিৰহাটৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে টিএমচি আৰু বিজেপি কৰ্মীৰ মাজত ব্যাপক সংঘৰ্ষৰ সৃষ্টি হয়।

এই সংঘৰ্ষকালত বিজেপি আৰু টিএমচি উভয় কৰ্মীয়ে শিলগুটি নিক্ষেপত লিপ্ত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আৰু লাঠি চাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।