হজৰত মহম্মদক লৈ কৰা এক মন্তব্যৰ পিছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ প্রশংসাত আত্মহাৰা হৈ পৰিছে পাকিস্তান।
দৰাচলতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২৩ ডিচেম্বৰত এক বাৰ্ষিক সংবাদমেলত কয় যে পয়গম্বৰ মহম্মদক অপমান কৰাটো মত প্ৰকাশৰ স্বাধীনতাৰ অংশ নহয়।
ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে কয় যে পয়গম্বৰক অপমান কৰাটো ধৰ্মীয় স্বাধীনতাৰ উলংঘন। পয়গম্বৰৰ অপমান হৈছে ইছলামত বিশ্বাস কৰা সকলৰ অনুভূতিক আঘাত কৰা। তেওঁ ৰাছিয়ানসকলক প্ৰশংসা কৰিবলৈ গৈ কয় যে ৰাছিয়ানসকল ধাৰ্মিক দিশৰ পৰা আন দেশৰ নাগৰিকৰ তুলনাত অধিক সহনশীল।
ইফালে পুটিনৰ বক্তব্যক আদৰণি জনাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কয় যে ইছলামোফোবিয়াৰ বিৰুদ্ধে একে ধৰণৰ বাৰ্তা প্ৰদান কৰা প্ৰয়োজন। পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বিয়েও পুটিনৰ বক্তব্যক আদৰণি জনাইছে। পাকিস্তানৰ সামাজিক মাধ্যমৰ মানুহেও পুটিনক প্ৰশংসা কৰিছে।
ৰাছিয়াৰ সংবাদ সংস্থা টাছৰ মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে সংবাদমেলৰ সময়ত কলাত্মক স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কলাত্মক স্বাধীনতাত ধৰ্মীয় স্বাধীনতাৰ যত্ন ল’বলৈও আহ্বান জনায়।
তেওঁ কয় যে কলাত্মক স্বাধীনতাৰ এটা সীমা আছে। এনে স্বাধীনতা আন সম্প্ৰদায়ৰ অনুভূতিক আঘাত কৰিবলৈ ব্যৱহাৰ কৰিব নালাগে।
পুটিনে ৰাছিয়ানসকলক প্ৰশংসা কৰে আৰু কয় যে ৰাছিয়াৰ আন দেশৰ নাগৰিকৰ তুলনাত আন ধৰ্মক সন্মান কৰাৰ ক্ষমতা অধিক। তেওঁ কয় যে ৰাছিয়াৰ লোকসকলে অন্যান্য সংস্কৃতি আৰু ধৰ্মক সন্মান কৰে আৰু ৰাছিয়াৰ সমাজ এখন বহুজাতিক আৰু বহুসাংস্কৃতিক সমাজলৈ বিকশিত হৈছে।
ৰাষ্ট্ৰপতি পুটিনে দ্বিতীয় বিশ্বযুদ্ধত নিহত ৰাছিয়াৰ সৈনিকসকলৰ ছবি বুলি বৰ্ণনা কৰি নাজীসকলৰ এখন ছবি শ্বেয়াৰ কৰা সকলকো সমালোচনা কৰে। পুটিনে পয়গম্বৰ মহম্মদৰ এখন কাৰ্টুন প্ৰকাশৰ পিছত পেৰিছৰ চাৰ্লি এবডো আলোচনীখনৰ সম্পাদকীয় কাৰ্যালয়ত হোৱা আক্ৰমণৰ কথাও উল্লেখ কৰে। তেওঁ কওঁ যে উগ্ৰপন্থীসকলৰ মাজত প্ৰতিশোধ লোৱাৰ বাবে এনে কাৰ্য্যই শিপা লৈছে।
উল্লেখ্য যে, চাৰ্লি এবডো এখন ফৰাচী ব্যংগাত্মক আলোচনী, যিয়ে ২০১৫ চনত পয়গম্বৰ মহম্মদৰ কেইবাটাও কাৰ্টুন প্ৰকাশ কৰিছিল। ইয়াৰ পিছত আলোচনীখনৰ কাৰ্যালয়ত উগ্ৰপন্থী আক্ৰমণ হয়, যাৰ ফলত বিখ্যাত কাৰ্টুনিষ্টসহ ১২ জন লোক নিহত হয়।
আনকি ২০০৬ চনত পুটিনে পয়গম্বৰ মহম্মদৰ এটা কাৰ্টুনত আপত্তি জনাই কয় যে এই কাৰ্য্যসমূহ একেবাৰে গ্ৰহণযোগ্য নহয়। তেওঁ নিন্দনীয় কাৰ্টুনক গৰিহণা দি কয় যে এই ঘটনাবোৰে ধৰ্মসমূহৰ মাজত বিভেদ সৃষ্টি কৰে। তেওঁ কয় যে এনে কাৰ্য্যই সেই নিৰ্দিষ্ট ধৰ্মত বিশ্বাস কৰা সকলক আঘাত কৰে।
