পবিত্ৰ ভাদ মাহ উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ নামঘৰ-সত্ৰ, তীৰ্থযাত্ৰীক আদৰিবলৈ সাজু বটদ্ৰৱা থান

510

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ অনুশীলনৰ মাহ হিচাপে পৰিচিত পবিত্ৰ ভাদ মাহ উপলক্ষে বৃহস্পতিবাৰৰ পৰা অসমৰ নামঘৰ-সত্ৰ সমূহত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে। বুধবাৰে শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তি। ইতিমধ্যে এই উপলক্ষে ৰাজ্যখনৰ প্ৰতিটো নামঘৰ আৰু সত্ৰসমূহত ভকত-বৈষ্ণৱ একত্ৰিত হৈ নাম-প্ৰসংগ আৰু শৰাই আগবঢ়াই মাহজোৰা বিভিন্ন কাৰ্যসূচী হাতত লৈ সাজু হৈ পৰিছে। তাৰোপৰি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি এই পবিত্ৰ মাহটোতেই পালন কৰা হয়।

সেয়ে এই উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভাওনা-অংকীয়া নাট আদিৰ লগতে শংকৰী কলা কৃষ্টিৰ নানা কাৰ্যসূচী হাতত লোৱা হয়। সেয়ে এই ভাদ মাহত ভকত-বৈষ্ণৱৰ লগতে গায়ন-বায়ন সকলোৰে এক সীমাহীন ব্যস্ততা। পুৱাৰ পৰা নিশা এপৰলৈকে গায়নৰ গীতৰ ৰাগ, বায়নৰ খোলৰ চাপৰ, হৰি নামৰ অমল ধ্বনি, ভাও ভাৱৰীয়াৰ বিলাপ-পয়াৰৰ সুৰত কৃষ্ণ ভক্তিৰ নান্দনিক পৰিৱেশত মুখৰিত হয় অসমৰ প্রতিখন গাঁৱৰ প্রতিটো চুবুৰী,প্রতিখন চহৰ-নগৰৰ উপকন্ঠ অঞ্চল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান ইতিহাস প্ৰসিদ্ধ বটদ্রৱাটো বুধবাৰে শাওন ভাদৰ সংক্ৰান্তি উপলক্ষে এক উখল-মাখল ধৰ্মীয় সাংস্কৃতিক পৰিৱেশৰ সূচনা হয়। ইতিমধ্যে তীৰ্থযাত্ৰীক আদৰিবলৈ সাজু হৈছে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সেৱকসকল ।ভকত-বৈষ্ণৱ তথা স্থানীয় ৰাইজ মিলি থান প্ৰাংগণৰ বিভিন্ন স্থান পৰিস্কাৰ কৰাত ব্যস্ত।

ইতিমধ্যে থান পৰিচালনা সমিতিয়ে ভকত- বৈষ্ণৱে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশুদ্ধ খোৱাপানী, প্ৰসাদ দিয়া স্থান, অতিথিশালা, জিৰণিচ’ৰা, গাড়ী পাৰ্কিং আদি সকলো স্বচ্ছতা সম্পূৰ্ণ কৰি তুলিছে। বুধবাৰৰে পৰাই ওঠৰ প্ৰসঙ্গৰে ভাদ মাহৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানৰ ৰীতি নীতি আৰু ঐতিহ্যৰে জীপাল হৈ উঠে বটদ্ৰৱা থান। জগত গুৰুজনাৰ পবিত্র জন্মস্থান বটদ্রৱা থানত পবিত্র ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক সৰোগত কৰি অনুষ্ঠিত হ’বলগীয়া ওঠৰ প্রসঙ্গৰ প্ৰথমটো কাৰ্য্যসূচী পুৱতি নিশা তালকোবোৱাৰে আৰম্ভ হৈ নিশা শেষপাল প্ৰসঙ্গৰে সামৰণি পৰিব।

ভাদ মাহৰ নাম ৰখা কাৰ্যসূচীৰ বুধবাৰে শাওন-ভাদৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈছে। বুধবাৰে পুৱাবেলা শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত দুই সত্ৰৰ সত্ৰাধিকাৰদ্বয় আৰু সদস্য সকলৰ উপস্থিতিত দুই সত্ৰৰ গায়ন বায়ন, নামলগোৱা আৰু ভকত-বৈষ্ণৱক উদ্দেশ্যি ভাদমাহৰ পৰম্পৰাগত ওঠৰ প্ৰসঙ্গৰ কাৰ্য্যসূচী শৃঙ্খলাবদ্ধভাৱে চলাই নিয়াৰ বাবে তামোল-পাণ সেৱাৰ অৰিহণা আগবঢ়ায় এভাগি ঘোষা গায় জাননী দিয়াৰ পিছৰে পৰা শাওনৰ সংক্ৰান্তিৰ পৰা ভাদৰ সংক্ৰান্তিলৈ এমাহজুৰি নামৰখা কাৰ্য্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ ঘটিল।

উল্লেখযোগ্য যে,বিগত দুটা বছৰৰ পাছত এইবাৰ ৰাজ্যত ভাদত নামঘৰ-সত্ৰসমূহত এই উখল-মাখল পৰিবেশৰ সৃষ্টি হ’ব।২০২০ বৰ্ষত ক’ভিডৰ ভয়াবহতাৰ বাবে ভাদ মাহত নামঘৰ-সত্ৰ সমূহত কাঁহ পৰি জীণ যোৱা অৱস্থাতাৰ বিপৰীতে ২০২১ বৰ্ষত ক’ভিড প্ৰটকল অনুসৰি ভাদ মাহৰ পৰম্পৰা ৰক্ষা কৰা হৈছিল। কিন্তু এইবছৰ ভকত-বৈষ্ণৱে মুকলি মনেৰে পবিত্ৰ ভাদ মাহ পালন কৰিব।

আনহাতে, ক’ভিড পৰিস্থিতিৰ বাবেই বিগত দুটা বছৰ ভাদমাহত বটদ্ৰৱাত পৰম্পৰাগত কোনো ভাওনা অনুষ্ঠিত হোৱা নাছিল যদিও ক’ভিড পৰিৱেশৰ উন্নতি ঘটাৰ পৰিপ্ৰেক্ষিতত এইবছৰ পৰম্পৰাগত সত্ৰীয়া ৰীতি-নীতিৰ মাজেৰে ভাওনা কৃষ্টি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিচালনা সমিতিয়ে। তদুপৰি ওঠৰ প্ৰসঙ্গৰ নাম কীৰ্তনেৰে দুজনাগুৰুৰ তিথি মহোৎসৱ, শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ আৰু নাম সামৰণিৰ দৰে বটদ্ৰৱাৰ এতিহাসিক পৰম্পৰা পূৰ্বৰ দৰেই অনুষ্ঠিত হ’ব।

অহা ১৯ আগষ্ট, শুক্ৰবাৰে ভাদ মাহৰ দ্বিতীয় দিনা ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি উদযাপন কৰা হ’ব। জন্মাষ্টমী উপলক্ষে বটদ্ৰৱা থানত গাজি মগুৰ প্ৰসাদ দিয়াৰ পৰম্পৰা আছে। ইয়াৰোপৰি শ্রীশ্রী শ’লগুৰি আৰু শ্রীশ্রী নৰোৱা সত্রৰ ভকত-বৈষ্ণৱে গুৰুজনে নিজে নিৰ্মাণ কৰা বৰদোৱাৰ ঐতিহাসিক কীৰ্তন ঘৰৰ পিৰালীত বহি সমগ্র ভাদ মাহ জুৰি নিৰৱিছিন্ন ভাৱে “অ’ হৰি মোৰ বান্ধৱ,কৃষ্ণ হৰি,ৰাম ৰাম ৰাম ৰাম” শীৰ্ষক নিৰক্ষৰী ঘোষাৰে পাল পতি পাতি নাম ডকা এক অপূৰ্ব পৰম্পৰা গোটেই মাহজুৰি চলিব।